16 জুলাই 2021 চলিত পৰিক্ৰমা (16 July 2021 Current Affairs)
1. কোনটো কোম্পানীটোৱে এটা নতুন শ্ব'পৰ্ড উৎক্ষেপণ প্ৰণালী বিকশিত কৰিছে, যাক উৰণৰ বাবে অনুমোদন দিয়া হৈছে?
উত্তৰ: ব্লু অৰিজিন
2. দেশৰ প্ৰথম শস্য এটিএম (Grain ATM) পাইলট প্ৰকল্প ক'ত স্থাপন কৰা হৈছে ?
উত্তৰ: গুৰুগ্ৰাম (হাৰিয়ানা)
3. কোন মহাকাশ সংস্থাই তৰল প্ৰপেলেন্ট ডেভেলপমেণ্ট ইঞ্জিনৰ তৃতীয় দীৰ্ঘম্যাদী সফল উচ্চ উষ্ণতাৰ পৰীক্ষা সম্পন্ন কৰিছে?
উত্তৰ: ইছৰো (ISRO)
4. গৌতম আদানিৰ আদানি গ্ৰুপে কোনটো বিমানবন্দৰ অধিগ্ৰহণ কৰিছে?
উত্তৰ: মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ
5. বৰ্ষাকালীন অধিৱেশনৰ ঠিক আগতে মোডী চৰকাৰে কাক ৰাজ্যসভাত সদনৰ নেতা ৰূপে ঘোষণা কৰিছে?
উত্তৰ: পীয়ুষ গোৱেল
6. ভাৰ্চুৱেল মাধ্যমৰ জৰিয়তে কোনে দেশজুৰি "কোভিড ভেকছিনৰ সৈতে সুৰক্ষিত বন, ধন আৰু উদ্যম" অভিযান আৰম্ভ কৰিছে?
উত্তৰ: অৰ্জুন মুণ্ডা
7. নতুন দিল্লীত কৃত্ৰিম বুদ্ধিমত্তাৰ দ্বাৰা পৰিচালিত এটা অভিযোগ ব্যৱস্থাপনা এপ কোনে মুকলি কৰিছে?
উত্তৰ: ৰাজনাথ সিং
8. যাত্ৰীসকলক বাছৰ বিষয়ে বাস্তৱ-সময়ৰ তথ্য প্ৰদান কৰিবলৈ দিল্লী চৰকাৰে কোনটো কোম্পানীৰ সৈতে অংশীদাৰীত্ব কৰিছে?
উত্তৰ: গুগল (Google)
9. স্কিল ইণ্ডিয়া মিছনে কিমান বছৰ সম্পূৰ্ণ কৰিছে?
উত্তৰ: ৬ বছৰ
10. কেন্দ্ৰীয় কেবিনেটে কোকিং কয়লাত সহযোগিতাৰ ক্ষেত্ৰত ভাৰত আৰু কোন খন দেশৰ মাজত এক চুক্তিত অনুমোদন জনাইছে?
উত্তৰ: ৰাছিয়া
উত্তৰ: ৰুছ

Nice information for assam state exam .....
ReplyDelete