15 জুলাই 2021 চলিত পৰিক্ৰমা (15 July 2021 Current Affairs)
1. আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা ভাৰতীয় নৌসেনাই কোনখন দীৰ্ঘ দূৰত্বৰ সামুদ্ৰিক এণ্টি-চাবমেৰিন বিৰোধী বিমানক ইয়াৰ নৌসেনাত অন্তৰ্ভুক্ত কৰিছে?
উত্তৰ: পি-৮ (P-8)
2. কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰীয় কৰ্মচাৰীসকলৰ মহাৰ্ঘতা ভাত্তা (dearness allowance) ১৭% ৰ পৰা কিমান শতাংশলৈ বৃদ্ধি কৰিছে?
উত্তৰ। ২৮ শতাংশ
3. নিতিন গাডকাৰীয়ে কোন খন ৰাজ্যত ১৬ টা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্প উদ্বোধন কৰিছে আৰু আধাৰশিলা স্থাপন কৰিছে?
উত্তৰ: মণিপুৰ
4. ইউৰো কাপ ২০২০ ত শীৰ্ষ স্ক'ৰ কৰি কোনজন খেলুৱৈয়ে গোল্ডেন বুট জিকিছে?
উত্তৰ: ক্ৰিষ্টিয়ানো ৰোনালড'
5. কোন খন দেশে ২০২৬ চনত বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপ আয়োজন কৰিব?
উত্তৰ: ভাৰত
6. গুজৰাটৰ কোনখন চহৰত ৰেলপথৰ ওপৰত ভাৰতৰ প্ৰথম ৫ তাৰকাযুক্ত হোটেল নিৰ্মাণ কৰা হৈছে?
উত্তৰ: গান্ধীনগৰ
7. এনটিপিচি লিমিটেডে(NTPC Ltd.) শীঘ্ৰেই কোন খন ৰাজ্যত ভাৰতৰ সৰ্ববৃহৎ সৌৰ উদ্যান স্থাপন কৰাৰ কথা ঘোষণা কৰিছে?
উত্তৰ: গুজৰাট
8. কোনখন দেশক কৰোনা ভেকছিনৰ তৃতীয় পালি প্ৰদান কৰা প্ৰথম খন দেশ হৈ পৰিছে?
উত্তৰ: ইজৰাইল
9. ১৫ জুলাইত সমগ্ৰ বিশ্বতে কোনটো দিন উদযাপন কৰা হয়?
উত্তৰ: বিশ্ব যুৱ দক্ষতা দিৱস(World Youth Skills Day)
10. ভাৰতীয় বিত্ত মন্ত্ৰী আৰু লিয়টপো নামগে শ্বেৰিংয়ে কোন দেশত ভাৰতৰ ভীম ইউপিআই ( BHIM UPI) এপ মুকলি কৰিছে?
উত্তৰ: ভূটান

0 comments:
Post a Comment